coldnesscolisa fasciata

Cole Park (English) [ IPA: ˈkoʊl ˈpɑrk ASM: ক’ল পাৰ্ক]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-10-07
1. Historial(Proper Noun-Neuter) a very picturesque park near the centre of Tezpur. Cole Park, the dream child of Mr Cole a British Deputy Commissioner of Assam, is situated at Tezpur. Cole Park houses the finest specimen of sculptural remains of 9th century. It has two massive stone pillars and remains of a palace. It has recently been renamed as Chitralekha Udyan although both names are synonymous. There is a water feature in the form of a lake where small rowing and paddle boats are allowed. The famous Bhomoraguri inscription which recorded the ancient plans to build a bridge across the Brahmaputra where the current Kolia Bhomora Setu exists has been transported to this park for public viewing. অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰৰ এখন ঐতিহাসিক উদ্যান৷ পূৰ্বতে এই উদ্যানৰ নাম ক’ল পাৰ্ক আছিল৷ চিত্ৰলেখা উদ্যানক তেজপুৰৰ এক যাদুঘৰ বুলিব পাৰি৷ ১৯০৬ চনত সেই সময়ৰ উপায়ুক্ত এইচ ডব্লিউ জি ক’লে (H W G Cole) তেজপুৰৰ বিভিন্ন ঠাইত আলাই-আথানি হৈ পৰি থকা মনোমহা শিলত খোদিত মূৰ্তি গোটাই এক উদ্যান গঢ়াৰ চেষ্টা কৰিছিল৷ ক’লৰ মৃত্যুৰ পাছত পিছৰজন উপায়ুক্ত এফ ডব্লিউ ষ্টঙে ক’লৰ স্মৃতিত এই উদ্যান সম্পূৰ্ণ কৰি তোলে৷ সেয়ে ইয়াৰ নাম ক’ল পাৰ্ক হয়৷ কিন্তু পিছলৈ ইয়াৰ নাম চিত্ৰলেখা উদ্যান ৰখা হয়৷ উদ্যানখনত থকা শৈল ভাস্কৰ্যসমূহ কোনো কোনোৱে বাণ ৰজাৰ দিনৰ বুলি অনুমান কৰে৷ আন কিছুমানৰ মতে অষ্টম-নৱম শতিকাৰ শালস্তম্ভ বংশৰ৷ এই উদ্যানত ঐতিহাসিক হাৰুপেশ্বৰ ৰাজধানীৰ ৰাজকাৰেঙৰ শৈলস্তম্ভ, শিল কটা আঠপহীয়া পদুম ফুল, বিভিন্ন লাস্য মুদ্ৰাৰ দীঘলীয়া শিল, দশাৱতাৰ মূৰ্তি, দুয়ো কাষে লতাৰে কটা শোভিত স্তম্ভ, বুদ্ধৰ মূৰ্তি আদি আছে৷ উদ্যানখনত থকা দীঘলীয়া শিলৰ পেনেলসমূহত আছে স্যমন্ত হৰণৰ দৃশ্য, ঢোলত চাপৰ পৰা ঢুলীয়া, নাচনি, বিহু আৰু আন আন লাস্য মুদ্ৰাৰ সৈতে দ্বাৰপাল, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মূৰ্তি আদি৷ ইয়াত সংৰক্ষিত শিলাস্তম্ভসমূহ নান্দীমুখ, পদুম আৰু লতাফুলেৰে সুশোভিত৷ ইংৰাজী ‘ইউ’ (U) আখৰটোৰ দৰে এটা প্ৰাচীন পুখুৰীৰে আগুৰা এই উদ্যান তথা উদ্যানৰ শৈল ভাস্কৰ্যই সততে পৰ্যটকক আকৰ্ষণ কৰে৷